Mainu and Dhruba

Mainu and Dhruba Whatsapp 9101980804
(1)

31/05/2026

♥️♥️♥️

Good morning all of you ❤️❤️❤️
31/05/2026

Good morning all of you ❤️❤️❤️

নিৰাপদ এই হাত খন,,, চিন্তা নোহোৱাকৈ যাব পাৰোঁ,, জনম পিছত জনমলৈ যাতে এইখন হাতৰে সান্নিধ্য পাওঁ তাকেই ভাবো ভগবন্তৰ ওচৰত ।।...
30/05/2026

নিৰাপদ এই হাত খন,,, চিন্তা নোহোৱাকৈ যাব পাৰোঁ,, জনম পিছত জনমলৈ যাতে এইখন হাতৰে সান্নিধ্য পাওঁ তাকেই ভাবো ভগবন্তৰ ওচৰত ।। ভালে ৰাখক প্ৰভু 🙏🙏🙏

29/05/2026

মাইনাক পাগল কৰি দিলো,, কি কি যে কৰিলো তাইৰ লগত🤭🤭🤭

জান আৰু মন ।। অলপ অলপ কৈ ডাঙৰ হৈ আহিছে আৰু ♥️ দুয়োটা সম্পূৰ্ণ বেলেগ ।। মই বোলো দুয়োটাকে ফটো এখন উঠাই দিও,, জানে কি কৰি...
29/05/2026

জান আৰু মন ।। অলপ অলপ কৈ ডাঙৰ হৈ আহিছে আৰু ♥️ দুয়োটা সম্পূৰ্ণ বেলেগ ।। মই বোলো দুয়োটাকে ফটো এখন উঠাই দিও,, জানে কি কৰিছে চাওক,, সি বোলে বায়েকৰ ফটো খন বেয়া কৰি দিয়ে 🤭 খোৱা বস্তু দিলেও মই জানৰ খন মনক দিও তেতিয়াহে নিজৰ নিজৰ থালি নিজে নিজে পায়।। আনকি পঢ়া টেবুল খনটো যুদ্ধ।। এই যে সিহঁতৰ লৰা ধেমালি বোৰ,, চাই কিন্তু বহুত বেছি ভাল লাগে।। এইবোৰৰ বাবে ভাবো কিছুদিন এনেকৈয়ে থকা হলে আকৌ কামৰ কষ্টৰ কথা যদি ভাবো হে প্ৰভু কেতিয়া যে ডাঙৰ হব ।। আচলতে এইয়াই জীৱন ।। যিমানে গৈ আছে আগৰ কথাবোৰ মনত পৰি গৈ থাকে ।। বাই ভনিৰ মাজৰ মৰম বোৰ সদায় ভালে থাকক,, জীৱনত ইমানো বেছি বেয়া দিন বা বেয়া মানুহৰ পালত কোনো নপৰক যে নিজৰ এই আবেগ মৰম স্নেহ বান্ধোন এইবোৰ সকলো পাহৰি কেৱল নিজৰ মাজতে দিনবোৰ পাৰ কৰিব লগাত পৰে।। পিছত যেতিয়া নিজৰ জীৱনৰ যুদ্ধ বোৰ শেষ হব আজৰি হোৱাৰ পিছত জিৰণি লবলৈ বা ভাবিবলৈ একো ভাল স্মৃতিয়েই নাথাকিব ।। বহুত কঠিন হৈ পৰিব সময় বোৰ তেতিয়া,, গতিকে সকলো ভালে থাকক,, জীৱনৰ প্ৰতিটো পল খুব ধুনীয়াকৈ উপভোগ কৰক,, ভালে থাকক সকলো ♥️♥️

সৰু মাইনা ৰ দয়াত কেতিয়াবা কিছুমান মূহুত্ৰ খুব ধুনীয়াকৈ ৰৈ যায়,, মানে মই ফটো খনৰ কথাহে কৈছো।। " মা দেউতা" দিনবোৰ যে ক...
27/05/2026

সৰু মাইনা ৰ দয়াত কেতিয়াবা কিছুমান মূহুত্ৰ খুব ধুনীয়াকৈ ৰৈ যায়,, মানে মই ফটো খনৰ কথাহে কৈছো।। " মা দেউতা" দিনবোৰ যে কেনেকৈ গৈ আছে,, একোৱেই কৰি দিব নোৱাৰিলোঁ ।। ইমান সহজ সৰল মানুহ দুজনক সুখী বা কৰিব পাৰিচো নে নাই ,,মনত বা কি ভাবি থাকে কবয়ে নোৱাৰোঁ ।। একো উজৰ আপত্তি ও নাই,, নাথাকিলেও নকয় ,, মুঠতে আমি নিজৰ মাজতে শান্তিত থকাটো বিচাৰে আৰু 🙏🙏 দেউতাক আপোনালোকে লগ পালে বুজিব কিমান বেছি কাম কৰে,, তেওঁৰ মনত এই যে পুৰুষে এইটো কাম কৰিব এইটো আকৌ কিয় কৰিব এইবোৰ ভাৱ নাই।। সকলো মানুহ আৰু সকলো কাম যে সমান সেইয়া আমি কিন্তু দেউতাৰ পৰাই শিকিছো।। মুঠতে পুৰুষৰ ভেম নধৰি ঘৰ খনৰ কাম আগ বঢ়াই নিয়াত তেওঁ বহুত সহায় কৰে আৰু মাৰ লগত যিটো বুজা বুজি ভাবিলে আচৰিত লাগে ।। ঘৰ বুলিলে সৰু সুৰা কিছুমান কথা থাকিবয়ে,,তথাপি তাৰে মাজতে নিজৰ মানুহ জনীক কেনেকৈ বুজিব লাগে বা সন্মান কেনেকৈ কৰিব লাগে আৰু গুৰুত্ব কেনেকৈ দিব লাগে এই সকলোবোৰ আমি দেউতাৰ পৰা দেখিছোঁ আৰু শিকিচো।। বিয়া হোৱাৰ পিছত নিজৰ ঘৰখন,মানুহ জন আৰু তেওঁৰ পৰিয়াল লগতে ঘৰত অহা আলহীক কেনেকৈ কি কৰি সন্মান আৰু গুৰুত্ব দিব লাগে সেইটো আমি আমাৰ মাৰ পৰাই শিকিচো ।। মুঠতে যি হৈছো বা যিমান কৰিছোঁ মই অন্ততঃ কব পাৰো যে মা দেউতা ৰ শিক্ষাৰে ফল এইয়া ।। গতিকে তেওঁলোকৰ ধাৰ মাৰাটো বাৰু সম্ভৱ নহয় কিন্তু ভগবানৰ ওচৰত প্ৰাথনা কৰিছোঁ সকলোৰে মা দেউতা ক ভালে ৰাখক 🙏🙏

26/05/2026

সুখ কোনে কেনেকৈ বিচাৰে সেইটো নিজৰ কথা,, আমি কিছুমান সৰু সৰু কথাতে বা কামতে বহুত বেছি সুখ বিচাৰি লও।। নিজৰ মাজতে নিজৰ বাবে অলপ সময়,, নে কি কয়???

Good morning ❤️
26/05/2026

Good morning ❤️

কলিজা দুটা আমাৰ,,, আজি কালি সন্ধিয়া অলপ ওলায় যাব বিচাৰে এইদৰে।। কোন ফালে কাক সন্তুষ্ট কৰিম ??? অলপ সময় দিব পাৰিলে সিহ...
25/05/2026

কলিজা দুটা আমাৰ,,, আজি কালি সন্ধিয়া অলপ ওলায় যাব বিচাৰে এইদৰে।। কোন ফালে কাক সন্তুষ্ট কৰিম ??? অলপ সময় দিব পাৰিলে সিহঁতেও বহুত ভাল পায়.... চেষ্টা কৰো কামৰ মাজতে অলপ হলেও,,,,,,,,

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Mainu and Dhruba posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mainu and Dhruba:

Share