Saanvi and Mom

Saanvi and Mom ❤️হেল্ল মই চুমিয়ে এই পেজ টোৰ যোগেদি মোৰ জীৱনৰ কিছু মূহুৰ্ত আপোনালোকৰ লগত share কৰিব বিছাৰিছো ❤️

02/11/2025

Saanvi's first stage performance. Thank you school specially thanks to Priyanka Dutta baideu for giving this opportunity..❤️❤️🏫

Kolija  ゚viralfbreelsfypシ゚viral
10/09/2025

Kolija
゚viralfbreelsfypシ゚viral

09/09/2025

জয়সাগৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ নবাগত আদৰণি সভাৰ এটা নৃত্ৰ
゚viralfbreelsfypシ゚viral

01/09/2025
31/08/2025

ভনীয়েকক পাই ফুৰ্তি

28/08/2025

লোকে নাম লৈছে এই দুগৰাকী আই ভূজীয়া খোৱাত ব্যস্ত।।

27/08/2025

ভদীয়া নামক ভাদ মাহৰ নাম বুলিও কোৱা হয়। ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ। এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল। সেইবাবে ভাদ মাহক অসমীয়া সমাজে এক পৱিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে। অসমীয়া মানুহৰ ঘৰে ঘৰে, গাঁৱৰ গোসাঁই ঘৰ, নামঘৰ আদিত আয়তী-নামতীসকলে পৱিত্ৰ অন্তৰেৰে শৰাই নৈৱেদ্য আগবঢ়াই ভগৱানৰ নাম-কীৰ্তন কৰে। গাঁৱৰ নামঘৰ, গোঁসাই ঘৰত ভাদ মাহৰ নাম বুলিলে বিশেষ গুৰুত্ব আছে। এই সময়চোৱাত প্ৰায়সকল লোক খেতি-বাতিৰ কামৰপৰা আজৰি লাভ কৰে বাবে পুৱা গধূলি নামঘৰত সমৱেত হৈ ধৰ্মীয় আৰু সামাজিক ঐক্যৰ পৰিচয় দিয়ে। সত্ৰসমূহতো প্ৰতিদিনে চলা চৈধ্য প্ৰসংগ বা চাৰি প্ৰসংগৰ উপৰিও ভাদ মাহৰ নাম বুলি বিশেষ তৎপৰতা পৰিলক্ষিত হয়। নামঘৰসমূহত কেতিয়াবা সমূহীয়াভাৱে নাইবা কেতিয়াবা ব্যক্তিগতভাৱে শৰাই আগবঢ়ায়। অৱশ্যে প্ৰতিদিনে মাহ-প্ৰসাদৰ শৰাই নাথাকিলে হয়। ভাদ মাহৰ আটাই কেইদিন দুপৰীয়া আৰু গধূলি গাঁৱৰ নামঘৰবোৰত নাম-প্ৰসংগ চলে। ডেকাসকলে নাম ৰাতি লোৱাৰ বিপৰীতে মহিলাসকলে আবেলিৰ ভাগত সমৱেত হৈ নাম লয়। নামতীসকলে শৰাই আগবঢ়াই ভগৱান কৃষ্ণৰ স্তুতিসূচক নাম গায়। যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰ নামঘৰ, গোলাঘাট জিলাৰ আঠখেলীয়া বৰনামঘৰ আদিত ভাদ মাহত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়।
゚viralfbreelsfypシ゚viral fans Anuvobi mon Rango King

মাহ-প্ৰসাদ অসমৰ মহাপুৰুষীয়া নামধৰ্মৰ নামঘৰ আৰু আৰু আন কীৰ্তন-প্ৰসংগসমূহত ভগৱানক উদ্দেশ্যি নিবেদন কৰা নৈবেদ্য৷ প্ৰসাদ মা...
27/08/2025

মাহ-প্ৰসাদ অসমৰ মহাপুৰুষীয়া নামধৰ্মৰ নামঘৰ আৰু আৰু আন কীৰ্তন-প্ৰসংগসমূহত ভগৱানক উদ্দেশ্যি নিবেদন কৰা নৈবেদ্য৷ প্ৰসাদ মানে অনুগ্ৰহ, কৃপা, প্ৰসন্নতা আদি৷ বিষ্ণু নিৱেদিত দ্ৰব্য বা গুৰুজনাৰ ভুক্তাৱশিষ্টকে প্ৰসাদ বোলে৷ ভগৱন্তৰ প্ৰীতিৰ উদ্দেশ্যে তেওঁৰ গ্ৰহণযোগ্য ফল-মূলাদি বা আঞ্চলিকভাৱে উৎপন্ন নিবেদনযোগ্য দ্ৰব্য নিবেদন কৰিলে সিয়েই প্ৰসাদত পৰিণত হয়৷ অসমৰ সত্ৰসমূহত স্থানীয়ভাৱে উৎপন্ন মগুমাহ, চাউল, বুটমাহ, নাৰিকল, আদা, কল আদি একত্ৰিকৰণ কৰি নিবেদন কৰিলে সিয়েই নৈবেদ্য বা প্ৰসাদ হয়৷ ভাৰতৰ আন ঠাইত নৈবেদ্যৰ সামগ্ৰী বেলেগ বেলেগ৷অসমত স্থানীয়ভাৱে মগুমাহ উৎপন্ন হয়৷ সেয়ে, প্ৰসাদত মগুমাহক মুখ্য উপকৰণ হিচাপে লোৱা হয় আৰু সেয়ে ইয়াৰ নাম মাহ-প্ৰসাদ বা ঠাইভেদে মাহ-চাউল৷ শংকৰদেৱে স্থাপন কৰা সত্ৰত স্থানীয়ভাৱে উৎপন্ন হোৱা মাহ-কল আদি প্ৰসাদৰূপে শিষ্যক যোগান ধৰি ইয়াক পুষ্টিকাৰক দ্ৰব্যলৈ ৰূপান্তৰিত কৰিছিল৷ফলা বা গোটা মগুমাহ পানীত তিয়াই কোমল কৰি, ভালদৰে ধুই, প্ৰায়ে সেইধৰণে কোমল কৰা কেঁচা বুটৰ লগত মিহলাই মাহ-প্ৰসাদ তৈয়াৰ কৰা হয়। নৈবেদ্য হিচাপে উৎসৰ্গা কৰাৰ সময়ত অলপ ভিজোৱা চাউলো কাষত দিয়াৰ নিয়ম আছে যদিও নিমখ মিহলোৱা নহয়। পাচত প্ৰসাদ হিচাপে ভকতৰ মাজত বিতৰণ কৰাৰ সময়ত জুঁতিৰ বাবে প্ৰয়োজনীয় নিমখ, সৰু সৰু টুকুৰা কৰা আদা আৰু নাৰিকল মিহলাই দিয়া হয়। সাধাৰণতে কলপাতত এই মাহ প্ৰসাদৰ লগত কল, কুঁহিয়াৰ,কমলা, আপেল, ৰবাব টেঙা আদি বিভিন্ন ঋতুফলো দিয়া দেখা যায়।
মাহ-প্ৰসাদত যথেষ্ট পুষ্টিগুণ আছে৷ মাহপ্ৰসাদৰ প্ৰধান উপকৰণ বুট, মগু আৰু নাৰিকলত প্ৰোটিন, কেলচিয়াম, আইৰণ, ফচফৰাচ আৰু ভিটামিন ’এ’ থাকে৷ এই আটাইকেইবিধ উপকৰণৰ পৰা পোৱা এইবোৰ পুষ্টি দ্ৰব্যই শৰীৰ সুস্থ কৰি ৰাখে৷ আন আন উপকৰণ, যেনে, কল, আপেল, টিঁয়হ, মধুৰীআম, কুঁহিয়াৰ আদিত থকা পানী আৰু ভিটামিন ’চি’য়ে শৰীৰৰ আইৰণ আহৰণত সহায় কৰাৰ উপৰি শৰীৰৰ ’কলাজেন’ কোষৰ বাবেও ই উপকাৰী৷ প্ৰসাদৰ সকলো উপাদানত বিভিন্ন মাত্ৰাত ভিটামিন ’বি’ পোৱা যায়; যাক শৰীৰে খাদ্যৰ জৰিয়তে সংগ্ৰহ কৰি লয়৷ অন্যান্য ফল-মূলবোৰতো বিভিন্ন খাদ্যপ্ৰাণ মজুত থকাত ই উপভোক্তাৰ বাবে যথেষ্ট উপকাৰী হিচাপে পৰিগণিত হৈছে৷ আনকি, প্ৰসাদত ব্যৱহৃত নিমখো মানৱ শৰীৰৰ বাবে অতি আৱশ্যকীয় উপাদান৷

゚viralfbreelsfypシ゚viral

আৰু অলপ দাম বঢ়াই দিয়া মামা।। ইফালে  অৰুনোদয় , নিযুত মাইনা, কৃষক , বাইদেউ এইবিলাক আঁচনি আৰু দুখনমান উলিয়াই দিয়া।। আমা...
25/08/2025

আৰু অলপ দাম বঢ়াই দিয়া মামা।। ইফালে অৰুনোদয় , নিযুত মাইনা, কৃষক , বাইদেউ এইবিলাক আঁচনি আৰু দুখনমান উলিয়াই দিয়া।। আমাৰ পৰাই লৈ থাকা আৰু আমাকে ওলোটাই দি থাকা।। এইবিলাক দিয়াতকে যদি বস্তু বিলাকৰ দাম কমাই দিয়া সকলোৰে বহুত সুবিধা হব।। এই আঁচনিবোৰ যিমান উলিয়ালেও বহুত হিতাধিকাৰি এতিয়াও পিছ পৰি ৰৈছে।।
প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ কথাই যদি কব যাও এতিয়াও বহুত দৰিদ্ৰ, বিকলাংগ পিছ পৰি ৰৈছে।। চৰকাৰৰ ঘোষণা মতে প্ৰতিজন বিকলাংগ হিতাধিকাৰি PMAY ঘৰ পোৱাটো বাঞ্চনীয়।। কিন্তু কিয় আজিলৈকে মোৰ দাদাই এটা ঘৰ পোৱা নাই।।
যি আগতে ইন্দিৰা আৱাস যোজনাৰ ঘৰ পাইছিল সেইবোৰে দেখোন আকৌ পাইছে এটা এটা ঘৰ।।
চৰকাৰে কি আঁচনি একেখিনি মানুহৰ কাৰণেহে উলিয়াই নিকি।।
আঁচনি বিলাক দিছে যদি উপযুক্তক চাইহে দিয়ক ।। এটা বিকলাংগ লৰা সদায় লোকৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে।। গতিকে তাৰ নিজস্ব বুলিবলৈ কিবা এটা প্ৰয়োজন।। গতিকে এই আচনিবোৰ দিছে যেতিয়া অকল মোৰ দাদা বুলিয়েই নহয় প্ৰতিজন বিকলাংগ এই আঁচনিৰ হিতাধিকাৰি হোৱাটো প্ৰয়োজন।।

Anuvobi mon Rango King Dimpu Baruah Devalata VLOG ゚viralfbreelsfypシ゚viral

Address

Charing Kakoti Gaon
Sivasagar

Alerts

Be the first to know and let us send you an email when Saanvi and Mom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share